Resultado encontrado

Kene Asa Tumi

Papon
Enviar Pesquisar

বহাগৰ বৰষূণ বিৰিষে বিৰিখে
বিয়পিলে মৰমৰ মলমে মৰহা

মনকে মিচিকালে পৰানৰ পিয়াহক
প্ৰণয়ৰ পানীৰে পুৰাবলে নিমাতী

নিজানতে নতুন
নুপুৰে নিজে নাচে

ঠেহ পাতি থৰ লগা থোপাথুপি
থোৰবোৰে লজুকিয়া লহমাতে

লহপহালে লাহেকে গ ভীৰৰে
গভীৰতে ণ্ডণণ্ডণ গানবোৰে

সোধে মাথোঁ কেনে আছা তুমি
ৰ'দ লৈ ৰৈ থকা ৰাগবোৰে ৰিঙিয়ালে

শাঁত পৰি শুই থকা সোঁৱৰণী
সোঁৱৰিলে জিৰণিৰে জুৰ লৈ

জাগি থকা জীউটোৱে সোধে
মাথোঁ কেনে আছা তুমি

সোণপৰুৱা সোণ মোৰ
সোণণ্ডটি সোণালী

তৰাফুটুকী তিৰবিৰণী
তুমি তুমি তৰালি

বনৰীয়া বনকোঁৱৰৰ
বুকুৰ বকুল বুটলি

চকুৰ চুকতে চেনেহ চহালে
চিলনীৰে ছোৱোলী

ঠেহ পাতি থৰ লগা থোপাথুপি
থোৰবোৰে লজুকিয়া লহমাতে

লহপহালে লাহেকে গ ভীৰৰে
গভীৰতে ণ্ডণণ্ডণ গানবোৰে

সোধে মাথোঁ কেনে আছা তুমি
ৰ'দ লৈ ৰৈ থকা ৰাগবোৰে ৰিঙিয়ালে

শাঁত পৰি শুই থকা সোঁৱৰণী
সোঁৱৰিলে জিৰণিৰে জুৰ লৈ

জাগি থকা জীউটোৱে সোধে
মাথোঁ কেনে আছা তুমি

Observação

Resultado automático

Esta letra foi encontrada automaticamente e pode precisar de revisão.

Quando ela for adicionada ao catálogo principal do EMXStudio, poderá receber tradução, correção, categoria, artista vinculado e informações completas.